Show/Hide Keyboard Layout

দুখীয়া কলিজা

- বিষ্ণুপ্ৰসাদ ৰাভা

দুখীয়া কলিজা নিঙাৰি ল’ব

টুপি টুপি তেজ শুঁহি শুঁহি পিব

ৰুকি ৰুকি মঙহ চোবাই খাব

কুৰুকি হাড় কেউডালো চোবাব

হুচিয়াৰ ! হুচিয়াৰ !

ধনী ! মহাজন ! জমিদাৰ !

হুচিয়াৰ ! হুচিয়াৰ !

বিপ্লৱ পথৰে যাত্ৰী আমি

সৰ্‌বহাৰাৰে মুক্তকামী

চূৰ্ণ কৰিম আমি সংগ্ৰামী

দৰ্প ধনীৰ, পণ আমাৰ

হুচিয়াৰ ! হুচিয়াৰ !

ধনী ! মহাজন ! জমিদাৰ !

হুচিয়াৰ ! হুচিয়াৰ !

শেষ যুদ্ধৰ আমি ৰণুৱা

পৃথিৱীৰ হালোৱা বনুৱা

হ’ম বিজয়ী আমি দুখীয়া

ক’ত ৰবি ধনী এইবাৰ ?

হুচিয়াৰ ! হুচিয়াৰ !

ধনী ! মহাজন ! জমিদাৰ !

হুচিয়াৰ ! হুচিয়াৰ !

Hits: 3543